Zephaniah 3

1বিদ্ৰোহিনী আৰু ভ্ৰষ্টাজনীৰ সন্তাপ হব, অত্যাচাৰকাৰিণী নগৰীৰ সন্তাপ হব। 2তাই কথা নুশুনিলে, শিকনি গ্ৰহণ নকৰিলে, যিহোৱাত নিৰ্ভৰ নকৰিলে, আৰু নিজ ঈশ্বৰৰ ওচৰ নাচাপিল।

3তাইৰ মাজত থকা অধ্যক্ষবোৰ গৰ্জ্জনকাৰী সিংহ; তাইৰ বিচাৰকৰ্ত্তাবোৰ গধূলি বেলাৰ ৰাংকুকুৰ; সিহঁতে ৰাতিপুৱালৈ একো নাৰাখে। 4তাইৰ ভাববাদীবোৰ গৰ্ব্বী আৰু বিশ্বাস-ঘাতক; তাইৰ পুৰোহিতবোৰে ধৰ্ম্মধাম অপবিত্ৰ কৰিলে, আৰু ব্যৱস্থাৰ বিৰুদ্ধে অত্যাচাৰ কৰিলে।

5তাইৰ মাজত থকা যিহোৱা ধাৰ্ম্মিক; তেওঁ অন্যায় নকৰে প্ৰতি-ৰাতিপুৱাতে তেওঁ নিজৰ ন্যায় বিচাৰ পোহৰলৈ আনে, ত্ৰুটি নকৰে; কিন্তু অন্যায়-আচৰণ কৰোঁতা লোকে লজ্জাবোধ নকৰে ।

6মই জাতিবোৰক উচ্ছন্ন কৰিলোঁ, সিহঁতৰ কোঁঠবোৰ ধ্বংস কৰা হল; মই সিহঁতৰ আলিবোৰ এনেকৈ শূন্য কৰিলোঁ, যে, কোনেও সেইবোৰেদি অহা-যোৱা নকৰে, সিহঁতৰ নগৰবোৰ এনেকৈ নষ্ট হল, যে, সেইবোৰত কোনো মানুহ নাই, সেইবোৰত বসতি কৰোতাও নাই। 7মই কৈছিলোঁ, তুমি অৱশ্যে মোক ভয় কৰিবা, তুমি শিকনি গ্ৰহণ কৰিবা; তাতে তাইৰ বিষয়ে মই যি যি নিৰূপণ কৰিলোঁ, সেই সকলো মতে তাইৰ বাসস্থান উচ্ছন্ন কৰা নহব; কিন্তু সিহঁতে সোনকালে উঠি নিজৰ সকলো কাৰ্য্য ভ্ৰষ্ট কৰিলে।

8এই কাৰণে যিহোৱাই কৈছে, মই চিকাৰ ধৰিবলৈ নুঠা দিনলৈকে তোমালোকে মোলৈ বাট চাই থাকা; কিয়নো মোৰ মনস্থ এই, যে, জাতিবোৰক চপাই আৰু ৰাজ্যবোৰ একে লগ কৰি সিহঁতৰ ওপৰত মোৰ ক্ৰোধ, এনে কি, মোৰ প্ৰচণ্ড কোপ বৰ্ষাম; কাৰণ মোৰ অন্তৰ্জ্বালাৰ অগ্নিৰে গোটেই পৃথিৱী গ্ৰাসিত হব।

9কিয়নো, আটাই জাতিয়ে যিহোৱাৰ নামেৰে প্ৰাৰ্থনা কৰিবৰ নিমিত্তে, আৰু সিহঁত আটাইবোৰে একে মনেৰে তেওঁৰ আৰাধনা কৰিবৰ নিমিত্তে, মই সেই সময়ত সিহঁতক শুদ্ধ ওঁঠ দিম। 10কূচ-দেশীয় নৈবোৰৰ সিপাৰৰ পৰা মোৰ নিবেদনকাৰীবিলাকে, এনে কি, ছিন্ন-ভিন্ন হোৱা মোৰ জাতিস্বৰূপা জীয়াৰীয়ে মোলৈ উপহাৰ আনিব। 11যি যি কাৰ্য্যত তুমি মোৰ অহিতে অপৰাধ কৰিলা, তোমাৰ সেই আটাই কাৰ্য্যৰ নিমিত্তে সেই দিনা তুমি লজ্জিত নহবা; কিয়নো মই সেই দিনা গৰ্ব্বেৰে উল্লাস কৰোঁতা তোমাৰ লোকবিলাকক তোমাৰ মাজৰ পৰা দূৰ কৰিম; তাতে তুমি মোৰ পবিত্ৰ পৰ্ব্বতত আৰু অহঙ্কাৰ নকৰিবা।

12কিন্তু মই তোমাৰ মাজত দুখী দৰিদ্ৰ এক জাতিক অৱশিষ্ট ৰাখিম; তেওঁবিলাকে যিহোৱাৰ নামত নিৰ্ভৰ কৰিব। 13ইস্ৰায়েলৰ অৱশিষ্ট ভাগে অপৰাধ নকৰিব, বা মিছা কথা নকব, নাইবা তেওঁবিলাকৰ মুখত প্ৰবঞ্চক জিবা পোৱা নাযাব; কিয়নো তেওঁবিলাক চৰিব আৰু শুব, তেওঁবিলাকক ভয় লগাবলৈ কোনো নাথাকিব।

14হে চিয়োন-জীয়াৰী, গান কৰা, হে ইস্ৰায়েল, জয়-ধ্বনি কৰা; হে যিৰূচালেম-জীয়াৰী সমস্ত মনেৰে আনন্দ আৰু উল্লাস কৰা। 15যিহোৱাই তোমাৰ দণ্ডবোৰ দূৰ কৰিলে, তোমাৰ শত্ৰুক খেদি দিলে; ইস্ৰায়েলৰ ৰজা যিহোৱা তোমাৰ মাজত আছে; তুমি আৰু অমঙ্গললৈ ভয় নকৰিবা । 16সেই দিনা যিৰূচালেমক এই কথা কোৱা যাব, তুমি ভয় নকৰিবা; হে চিয়োন, তোমাৰ হাত ঢিলা নহওক ।

17তোমাৰ ঈশ্বৰ যিহোৱা তোমাৰ মাজত আছে, তেওঁ ত্ৰাণকৰ্ত্তা বীৰ; তেওঁ আনন্দেৰে তোমাৰ বিষয়ে উল্লাস কৰিব, নিজ স্নেহত মনে মনে থাকিব, আৰু গান গাই তোমাৰ বিষয়ে আনন্দ কৰিব। 18তোমাৰ পৰা উৎপন্ন হোৱা যি লোকবিলাকে পবিত্ৰ সভাৰ নিমিত্তে শোক কৰে, আৰু ধিক্কাৰত ভাৰগ্ৰস্ত হয়, সেই লোকবিলাকক মই গোটাম।

19চোৱা, সেই সময়ত, তোমাক দুখ দিয়া আটাইবোৰলৈ যি কৰিব লগীয়া, তাকে মই কৰিম; মই লেঙেৰীজনীক ৰক্ষা কৰিম, আৰু খেদি দিয়া জনীক গোটাম; আৰু যিবিলাকৰ লাজ গোটেই পৃথিৱীত ব্যাপিছে, তেওঁবিলাকক মই প্ৰশংসা আৰু সুখ্যাতিৰ বিষয় কৰিম। 20সেই সময়ত মই তোমালোকক আনিম আৰু সেই সময়ত মই তোমালোকক গোটাম; কিয়নো, যিহোৱাই কৈছে, যেতিয়া মই তোমালোকৰ সাক্ষাতে তোমালোকৰ বন্দী অৱস্থা পৰিবৰ্ত্তন কৰিম, তেতিয়া পৃথিৱীৰ আটাই জাতিৰ আগত মই তোমালোকক সুখ্যাতি আৰু প্ৰশংসাৰ বিষয় কৰিম।

Copyright information for AsmULB